Assamese news paper khabar Skip to main content

Assamese news paper khabar


Assamese news asomiya pratidin epaper

১) প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে আজি ছৌদি আৰৱৰ ৰজা ছলমান দিন আব্দুল আজিজ অল ছৌদৰ সৈতে দ্বিপাক্ষিক আলােচনাত মিলিত হয় ।

২) ভাৰত আৰু ছৌদি আৰবে তেল আৰু গেছ , নবীকৰণ যােগ্য শক্তি , প্রতিক্ষা আৰু অসামৰিক বিমান পৰিবহণকে ধৰি বিভিন্ন ক্ষেত্ৰৰ কেইবাখনাে চুক্তি স্বাক্ষৰ কৰিব ।

৩) ন্যায়াধীশ শৰদ অৰৱিন্দ ববডে দেশৰ ৪৭ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছে ।

৪) ইউৰােপীয় সংঘৰ এটা সংসদীয় দলে শ্রীনগৰ ভ্ৰমণ কৰিছে ।

৫) ব্রিটেইনৰ প্ৰধানমন্ত্রী বৰিছ জনছনে আজি সংসদত অন্য এখন বিধেয়ক উত্থাপন কৰি ১২ ডিচেম্বৰত সাধাৰণ নির্বাচন অনুষ্ঠিত কৰাৰ উদ্দেশ্যে চতুর্থবাৰৰ বাবে চেষ্টা চলাব ।

Assamese news 

 প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে আজি জর্দানৰ ৰজা ছলমান দিন আব্দুল আজিজ অল ছৌদৰ সৈতে দ্বিপাক্ষিক আলােচনাত মিলিত হয় । দুয়ােগৰাকী নেতাই ভাৰত আৰু জর্দানৰ মাজত বিভিন্ন বিষয় বিশেষকৈ বাণিজ্য আৰু বিনিয়ােগ , মানৱ সম্পদ বিকাশ আৰু জনসাধাৰণৰ মাজৰ সম্পর্ক বঢ়োৱাৰ উদ্দেশ্যে কৰিবলগীয়া কর্মসূচীৰ বিষয়ে আলােচনা কৰে ।

Assamese news

প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে আজি জর্দানৰ ৰজা ছলমান দিন আব্দুল আজিজ অল ছৌদৰ সৈতে দ্বিপাক্ষিক আলােচনাত মিলিত হয় ।

দুয়ােগৰাকী নেতাই ভাৰত আৰু জর্দানৰ মাজত বিভিন্ন বিষয় বিশেষকৈ বাণিজ্য আৰু বিনিয়ােগ , মানৱ সম্পদ বিকাশ আৰু জনসাধাৰণৰ মাজৰ সম্পর্ক বঢ়োৱাৰ উদ্দেশ্যে কৰিবলগীয়া কর্মসূচীৰ বিষয়ে আলােচনা কৰে
ভাৰত আৰু ছৌদি আৰবে আজি তেল আৰু গেছ , নবীকৰণ যােগ্য শক্তি , প্রতিক্ষা আৰু অসামৰিক বিমান পৰিবহণকে ধৰি বিভিন্ন ক্ষেত্ৰৰ কেইবাখনাে চুক্তি স্বাক্ষৰ কৰিব ।

প্রধানমন্ত্রী নৰেন্দ্র মােদী আৰু ছৌদি আৰৱৰ ৰজা ছলমান দিন আব্দুল আজিজ অল ছৌদৰ মাজত সম্প্রতি ৰিয়াধত চলি থকা প্রতিনিধি পর্যায়ৰ আলােচনা অন্তত এই চুক্তি কেইখন সম্পাদিত হােৱাৰ সম্ভাৱনা আছে । প্রধানমন্ত্রী মােদীয়ে লগতে আজি সন্ধিয়া ছৌদি আৰৱ ভৱিষ্যৎ বিনিয়ােগ উদ্যম মঞ্চৰ তৃতীয় অধিবেশনত ভাষণ দিব ।

এই অধিৱেশনত তেওঁ ভাৰতীয় অর্থব্যবস্থা , ইয়াৰ প্ৰত্যাহ্বান তথা সম বিকাশ আৰু সমৃদ্ধিৰ সুযােগ সন্দৰ্ভত ব্যক্তব্য ৰাখিব । এই মঞ্চক ডাভােছ । অব ডেজার্ট বুলিও কোৱা হয় ।

ইয়াৰ পূর্বে প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে পশ্চিম এছিয়াৰ বিবাদ নিষ্পত্তিৰ অৰ্থে এটা সন্তুলিত দৃষ্টিভংগীৰ আৱশ্যকতাৰ ওপৰত গুৰুত্ব আৰােপ কৰিছে । আৰৱ নিউজৰ সৈতে হােৱা এটা সাক্ষাৎকাৰত তেওঁ কয় যে

সংঘৰ্ষৰ অবসানৰ বাবে সার্বভৌমত্ব আৰু পৰস্পৰৰ অভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰাৰ নীতি অনুসৰণ কৰিব লাগিব । তেওঁ কয় যে অঞ্চলটোৰ আটাইকেইখন দেশৰ সৈতে ভাৰতৰ ভাল দ্বিপাক্ষিক সম্পর্ক আছে আৰু ভালেসংখ্যক প্রবাসী ভাৰতীয়ই অঞ্চলটোত বাস কৰে । এদিনীয়া ভ্রমণসূচীৰে চৌদি আৰবলৈ যােৱা প্রধানমন্ত্রীয়ে আৰৱ নিউজৰ আগত কয় যে অঞ্চলটোলৈ শান্তি আৰু নিৰাপত্তা ঘূৰাই আনিবলৈ সকলাে পক্ষকে সামৰি লােৱা আলােচনা প্রক্রিয়া অতি গুৰুত্বপূর্ণ ।

তেওঁ লগতে কয় যে চুবুৰীয়া প্রথম বুলি গণ্য কৰা বিদেশ নীতি আগলৈ অব্যাহত থাকিব আৰু সম্প্রসাৰিত চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ ভিতৰত চৌদি আৰৱৰ সৈতে ভাৰতৰ সম্পৰ্ক অতিকে গুৰুত্বপূর্ণ । ৰজা ছলমান বিন আব্দুল আজিজ অল ছাউদ আৰু যুৱৰাজ মহম্মদ বিন ছলমানৰ নেতৃত্বত দুয়াে দেশৰ মাজৰ সম্পর্ক অধিক শক্তিশালী হৈ উঠিব বুলিও তেওঁ আশা প্রকাশ কৰে ।

বিশ্ব অর্থব্যৱস্থাৰ বিকাশৰ বাবে তেলৰ মূল্য সুস্থিৰ হৈ থাকিব লাগিব বুলি উল্লেখ কৰি শ্ৰীমােদীয়ে ভাৰতৰ শক্তি আৱশ্যকতাৰ গুৰুত্বপূর্ণ আৰু নিৰ্ভৰযােগ্য উৎস হিচাপে ছৌদি আৰবৰ ভূমিকাক শলাগ লয় । প্রধানমন্ত্রীয়ে কয় যে দেশত বাণিজ্যৰ বাবে এটা অনুকূল বাতাবৰণ গঢ়ি তােলাৰ লগতে বিশ্বজনিন বিকাশ আৰু সুস্থিৰতাৰ গুৰুত্বপূর্ণ চালিকা শক্তি ৰূপে পৰিগণিত হৈ থকাৰ বাবে ভাৰতে ইতিমধ্যে ভালেমান সংস্কামূলক পদক্ষেপ লৈছে ।

Assamese news

ন্যায়াধীশ শৰদ অৰৱিন্দ ববডে দেশৰ ৪৭ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছে । তেওঁ অহা ১৮ নৱেম্বৰত শপতগ্ৰহণ কৰিব ।

উল্লেখযােগ্য যে বৰ্তমানৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে ১৭ নৱেম্বৰত অৱসৰ গ্ৰহণ কৰিব । মুখ্য ন্যায়াধীশ হিচাপে ব ' বডেৰ কাৰ্যকাল ১৭ মাহৰ হ ' ব । ৰাষ্ট্রপতি ৰামনাথ কোবিন্দে ইতিমধ্যে ববডেৰ নিযুক্তি পৰােৱানাত স্বাক্ষৰ কৰিছে আৰু আইন মন্ত্রালয়ে তেওঁৰ নিযুক্তি সন্দৰ্ভত এখন অধিসূচনা জাৰি কৰিছে । প্রচলিত নিয়ম অনুসৰি মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে এই মাহৰ আগভাগত তেওঁৰ উত্তৰসূৰী হিচাপে আটাইতকৈ জ্যেষ্ঠ বিচাৰপতি ন্যায়াধীশ ববডেৰ নাম সন্দৰ্ভত পৰামৰ্শ আগবঢ়াইছিল ।

Assamese news


প্রতিক্ষা মন্ত্রী ৰাজনাথ সিঙে আজি জাপানৰ প্ৰতিৰক্ষা মন্ত্রী তাৰাে কোনােৰ সৈতে টেলিফোনত কথা পাতে আৰু দ্বিপাক্ষিক সম্পর্ক তথা আঞ্চলিক সুৰক্ষাজনিত বিষয় লৈ আলােচনা চলায় ।

টেলিফোনযােগে হােৱা এই কথােপকথনৰ সময়ত শ্রসিঙে ভাৰত আৰু জাপানৰ মাজৰ ব্যাপক প্ৰতিৰক্ষা সহযােগিতাক লৈ সন্তুষ্টি প্রকাশ কৰে । তেওঁ লগতে যােৱা মাহত কৰা জাপান ভ্ৰমণৰ সময়ত দেশখনৰ প্রধানমন্ত্রী শ্বিনজ আবে আৰু তদানীন্তত প্রতিক্ষা মন্ত্রী তাকেশ্বী লবেৰ সৈতে হােৱা আললাচনাৰ কথা স্মৰণ কৰে ।

শ্রসিঙে কয় যে অহা নৱেম্বৰ মাহত বেংককত হ ' বলগীয়া আছিয়ান ৰাষ্ট্ৰগােষ্ঠাৰ প্ৰতিৰক্ষা মন্ত্রীসকলৰ আসন্ন বৈঠকৰ সময়ত জাপানৰ প্রতিক্ষা মন্ত্রীক সাক্ষাৎ কৰিবলৈ তেওঁ আগ্ৰহেৰে বাট চাই আছে । শ্রসিঙে লগতে এই মাহৰ আগভাগত জাপানত অহা হাগিবিজ নামৰ ঘূর্ণি বতাহজাকৰ ফলত হােৱা ক্ষয়ক্ষতিৰ বাবে শােক প্রকাশ কৰে ।

শ্রী সিঙে ঘূর্ণি বতাহ জাকৰ ফলত ক্ষতিগ্রস্ত হােৱা লােকসকলক সাহায্য প্রদানৰ অৰ্থে জাপান চৰকাৰে চলােৱা প্রচেষ্টাৰাে শলাগ লয় ।

Assamese news


ইউৰােপীয় দেশসমূহৰ ২০গৰাকী সাংসদৰ এটা প্রতিনিধি দল আজি বিয়লি শ্রীনগৰত উপস্থিত হয় । এই প্রতিনিধি দলটোত ইটালী , ব্রিটেইন , ফ্রান্স , জার্মানী আৰু পােলেণ্ডৰ কেইবাগৰাকীও সাংসদ আছে। 

এই প্রতিনিধি দলটোৱে কালি নতুন দিল্লীত প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীক সাক্ষাৎ কৰে । প্রধান মন্ত্রী কার্যালয়ৰ পৰা জাৰি কৰা এটা বিবৃতিত এই বুলি কোৱা হৈছে যে প্রধানমন্ত্রী মােদী আৰু ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত দোভালে কালি প্রতিনিধি দলটোক কাশ্মীৰ উপত্যকাৰ লগত জৰিত বিভিন্ন বিষয় আৰু তেওঁলােকৰ সৈতে সংবিধানৰ ৩৭০ নং অনুচ্চেদ প্রত্যাহাৰ কৰাৰ পাছৰ পৰিস্থিতি সম্পর্কে আলােচনা চলায় । 

Assamese news

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে আজি সামাজিক দায়বদ্ধতাৰ ক্ষেত্ৰত অভূতপূর্ব বৰঙণি আগবঢ়োৱা কোম্পানীসমূহক প্ৰথম ৰাষ্ট্ৰীয় কোম্পানী সামাজিক দায়বদ্ধতা বঁটাৰে সন্মানিত কৰে ।

নতুন দিল্লীত আয়ােজিত বঁটা বিতৰণ সভাত ভাষণ দি শ্রী কোবিন্দে কয় যে , কোম্পানী জগতৰ সংস্কৃতিত সামাজিক কল্যাণৰ মনােভাৱৰ বীজ ৰােপণ কৰাটো অত্যন্ত জৰুৰী । তেওঁ কয় যে কোম্পানীসমূহে ইতিমধ্যে সামাজিক আৰু পৰিৱেশৰ প্রতি দায়বদ্ধ থাকিও যে মুনাফা লাভ কৰিব পাৰি তাক দেখুৱাই দিছে ।


ৰাষ্ট্ৰীয় কোম্পানী সামাজিক দায়বদ্ধতা বঁটা প্রবর্তন কৰা বাবে কোম্পানী পৰিক্ৰমা মন্ত্ৰালয়ৰ প্রশংসা কৰি ৰাষ্ট্রপতি কোবিন্দে কয় যে , প্রতিবছৰে ২ অক্টোবৰত এই বঁটা প্ৰদান কৰা হ ' ব । ৰাষ্ট্রপতিয়ে কয় যে দেশ স্বাধীনতা সংগ্ৰামৰ সৈতে জৰিত কেইবাটাও ব্যৱসায়িক পৰিয়াল সামাজিক দায়বদ্ধতাৰ প্রতি যথেষ্ঠ সংবেদনশীল!


Assamese news


ব্রিটেইনৰ প্ৰধানমন্ত্রী বৰিছ জনছনে আজি সংসদত অন্য এখন বিধেয়ক উত্থাপন কৰি ১২ ডিচেম্বৰত সাধাৰণ নির্বাচন অনুষ্ঠিত কৰাৰ উদ্দেশ্যে চতুর্থবাৰৰ বাবে চেষ্টা চলাব ।

ইউৰােপীয় সংঘই ব্রেক্সিটৰ সময়সীমা ৩১ জানুৱাৰীলৈ বৃদ্ধি কৰাৰ পাছতেই কালি সাংসদসকলে আগতীয়া সাধাৰণ নির্বাচন প্রস্তাব প্রত্যাখ্যান কৰিছিল ।

Assamese news

ভাৰত - বাংলাদেশ মৈত্রী আলােচনা নৱম সংস্কৰণ অহা পহিলা নৱেম্বৰৰ পৰা বাংলাদেশৰ কক্স বজাৰত অনুষ্ঠিত হ ' ব ।

দুদিনীয়া এই মৈত্রী আলােচনাত এইবাৰ বিভিন্ন বিষয় যেনে বাণিজ্য আৰু বিনিয়ােগ , কাৰিকৰী , শক্তি , আঞ্চলিক সুৰক্ষা , সন্ত্রাসবাদ আদি সামৰি লােৱা হৈছে ।

এই আলােচনাৰ উদ্দেশ্য হৈছে এই বিষয়সমূহত দুয়ােখন দেশৰে অনুভৱ আৰু অভিজ্ঞতাৰ আদান প্রদান কৰা ।

বাংলাদেশ সংসদৰ অধ্যক্ষ ড0 চিৰিন চৰ্মীন চৌধুৰীয়ে এই অনুষ্ঠান উদ্বোধন কৰিব আৰু দেশখনৰ বিদেশ মন্ত্রী ড০ আব্দুল মােমিনে এই বার্তালাপত অংশগ্রহণ কৰিব । ইয়াৰ পূৰ্বৰ ভাৰত - বাংলাদেশ মৈত্রী আলােচনা ২০১৭ চনৰ জুলাইত গুৱাহাটীত অনুষ্ঠিত হৈছিল ।

Assamese news

ভাৰতীয় ৰে ' লৱেৰ স্বীকৃতি প্রাপ্ত অভিকর্তাৰ মাধ্যমেৰে ক্ৰয় কৰা ৰে ' ল টিকটৰ বাবে অ টি পি আধাৰিত ধন ঘূৰাই দিয়া ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছে ।

বাতিল কৰা সংৰক্ষিত ই - টিকট আৰু রেটিং লিষ্টত থকাৰ বাবে স্বতঃস্ফূতভাৱে বাতিল হােৱা টিকটৰ বাবে ধন ঘূৰাই ব্যৱস্থাটো অধিক স্বচ্ছ আৰু উপভােক্তা অনুকুল কৰি তােলাৰ বাবে এই উদ্যম গ্ৰহণ কৰা হৈছে ।

ভাৰতীয় ৰে ' লৱে খাদ্য যােগান আৰু পর্যটন নিগম চমুকৈ আই আৰ চি টি চি য়ে এই নতুন ব্যৱস্থা ৰূপায়ন কৰিব ।

Assamese news


শ্রীলংকাত ৰাষ্ট্ৰপতিৰ আসন্ন নির্বাচনৰ সময়ত ভােটগ্রহণৰ সময় এঘণ্টা বৃদ্ধি কৰাৰ বাবে নির্বাচন আয়ােগে আগবঢ়োৱা প্ৰস্তাৱৰ প্রতি ৰাজনৈতিক দলসমূহে সন্মতি প্ৰকাশ কৰিছে ।

সেই অনুসৰি এতিয়া ১৬ নৱেম্বৰৰ পুৱা ৭ বজাৰ পৰা বিয়লি ৫ বজালৈ ভােটগ্রহণ কৰা হ ' ব । এই সন্দৰ্ভত আজি নিশা অধিসূচনা জাৰি কৰা হ ' ব । নির্বাচন আয়ােগ আৰু ৰাজনৈতিক দলৰ প্রতিনিধি সকলৰ মাজত আজি অনুষ্ঠিত এখন বৈঠকত এই সিদ্ধান্ত গ্রহণ কৰা হয় ।

এইবাৰৰ নিৰ্বাচনত অভিলেখসংখ্যক ৩৫ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা কৰাৰ প্রতিপ্ৰেক্ষিতত বেলট পেপাৰৰ দৈঘ্য ২ ফুটতকৈ অধিক হােৱাত ভােটগ্রহণৰ সময় বৃদ্ধি কৰিবলগীয়া হৈছে ।

 পূর্বতে ৰাষ্ট্ৰখনত পুৱা ৭ বজাৰ পৰা বিয়লি ৪ বজালৈ ভােটগ্রহণ কৰা হৈছিল । এইবাৰৰ নিৰ্বাচনত মন্ত্রী ছাজিদ প্রেমদাছা আৰু প্রাক্তন প্রতিক্ষা সচিব গােটাবায়া ৰাজাপাকছেৰ মাজত প্রতিদ্বন্দ্বিতা হােৱাৰ সম্ভাৱনা আছে ।

Assamese news



Comments