Skip to main content

ভাৰত আৰু ছৌদি আৰৱে কৌশলগত অংশীদাৰিত্ৰ পৰিষদ স্থাপনৰ বাবে সন্মতি প্রকাশ কৰাৰ লগতে সন্ত্রাসবাদ বিৰােধি অভিযানৰ ক্ষেত্ৰত সহযােগিতা অধিক সুদৃঢ় কৰিবলৈ সংকল্পবদ্ধ হৈছে ।

ভাৰত আৰু ছৌদি আৰৱে কৌশলগত অংশীদাৰিত্ৰ পৰিষদ স্থাপনৰ বাবে সন্মতি প্রকাশ কৰাৰ লগতে সন্ত্রাসবাদ বিৰােধি অভিযানৰ ক্ষেত্ৰত সহযােগিতা অধিক সুদৃঢ় কৰিবলৈ সংকল্পবদ্ধ হৈছে ।

Assamese news


ভাৰত আৰু ছৌদি আৰৱে কৌশলগত অংশীদাৰিত্ব পৰিষদ স্থাপনৰ বাবে সন্মতি প্ৰকাশ কৰাৰ লগতে সন্ত্রাসবাদ বিৰােধি অভিযানৰ ক্ষেত্ৰত সহযােগিতা অধিক সুদৃঢ় কৰিবলৈ সংকল্পবদ্ধ হৈছে । দুয়ােখন দেশে লগতে পাৰস্পৰিক স্বার্থজড়িত বিভিন্ন ক্ষেত্ৰত ১২ খন বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে ।

প্রধান মন্ত্রী নৰেন্দ্ৰ মােডী ছৌদি আৰৱৰ যুৱৰাজ মহম্মদ বিন্ চলমানৰ উপস্থিতিত কৌশলগত সহযােগিতা পৰিষদ বিষয়ক চুক্তিখন স্বাক্ষৰিত হয় । এই পৰিষদে দুয়ােখন দেশৰ মাজৰ সম্পৰ্কৰ সকলাে দিশ আগুৱাই নিয়াৰ বাবে নতুন দ্বিপাক্ষিক ব্যৱস্থা স্থাপনৰ পথ প্রশস্ত কৰিব । প্রধান মন্ত্রী মােডী আৰু মহম্মদ বিন চলমানৰ মাজত ৰিয়ার্ধত হােৱা প্রতিনিধি পর্যায়ৰ আলােচনাৰ সময়ত এই চুক্তিকেইখন স্বাক্ষৰিত হয় ।

দুয়ােখন দেশে লগতে সন্ত্রাসবাদ আৰু উগ্রবাদৰ সৈতে কোনাে বিশেষ জাতি - ধর্ম বা সংস্কৃতিৰ সম্পৰ্ক থকাৰ কথা অস্বীকাৰ কৰে । দুয়াে পক্ষই সকলাে ধৰণৰ সন্ত্রাসবাদী কার্যকলাপ অগ্রাহ্য কৰে আৰু আন দেশৰ বিৰুদ্ধে সন্ত্রাসবাদী কার্যকলাপ অব্যাহত ৰখাৰ বাবে ক্ষেপনাস্ত্ৰ আৰু দ্ৰোণৰ লেখীয়া অস্ত্র - শস্ত্ৰৰ ব্যৱহাৰ বন্ধ ।

Assamese-news



 কৰাৰ আৱশ্যকতাৰ ওপৰত গুৰুত্ব আৰােপ কৰে । প্রধান মন্ত্রী মােডীৰ যাত্ৰাৰ অন্তত জাৰি কৰা এটা যুটীয়া বিবৃতি যােগে ছৌদি আৰৱ আৰু ভাৰতে সন্ত্রাসবাদ বিৰােধি অভিযান , তথ্য আদান - প্রদান , সামর্থ বৃদ্ধি আৰু সীমান্তৰে । সংঘটিত অপৰাধ ৰােধ কৰাৰ ক্ষেত্ৰত সহযােগিতা সুদৃঢ় কৰিবলৈ সংকল্পবদ্ধ হয় ।

দুয়ােখন দেশে আন দেশৰ অভ্যন্তৰিণ বিষয়ত কোনাে ধৰণৰ হস্তক্ষেপৰ বিৰােধিতা কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় সম্প্রদায়ে কোনাে দেশৰ সার্বভৌমত্বৰ ওপৰত হােৱা আক্রমণ ৰােধ কৰাৰ বাবে নিজৰ দায়িত্ব পালন কৰিব লাগে বুলি স্পষ্টভাৱে প্ৰকাশ কৰে ।

দুয়ােপক্ষই লগতে পেলেষ্টাইনত ন্যায়সংগত , সর্বাত্মক আৰু স্থায়ী শান্তি স্থাপন কৰিব পৰা যাব বুলি আশা প্রকাশ কৰে । জেরুজালেমক ৰাজধানী হিচাপে লৈ ১৯৬৭ চনৰ সীমাৰেখাৰে স্বাধীন পেলেষ্টাইন ৰাষ্ট্র গঠন কৰিব পৰা যাব বুলিও তেওঁলােকে আশা প্রকাশ কৰে । দুয়ােপক্ষই লগতে নিজৰ নিজৰ ৰাষ্ট্ৰীয় সুৰক্ষাসহ পাৰস্পৰিক স্বার্থত প্ৰভাৱ পেলাব পৰা জলপথৰ সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰাৰ বিভিন্ন উপায়ত উদগনি যােগােৱাৰ বাবে দ্বিপাক্ষিক আলােচনাৰ গুৰুত্বৰ কথা স্বীকাৰ কৰে ।

বুজাবুজিৰ চুক্তি স্বাক্ষৰিত ক্ষেত্ৰসমূহৰ ভিতৰত প্ৰতিৰক্ষা , নৱীকৰণযােগ্য শক্তি , অবৈধ সৰবৰাহ আৰু নিচাযুক্ত দ্ৰৰ চোৰাং বেপাৰ বন্ধ কৰা আৰু অসামৰিক বিমান পৰিবহন অন্যতম ।

ছৌদি আৰৱত কৰা দিনজোৰা ভ্রমণ সামৰি নতুন দিল্লীলৈ বুলি উভতি অহাৰ পূর্বে প্রধানমন্ত্রী মােডীয়ে ছৌদি আৰৱৰ শীর্ষ নেতৃবৰ্গৰ সৈতে হােৱা আলাপ - আলােচনা যথেষ্ট ফলপ্রসু আছিল বুলি টুইটযােগে প্রকাশ কৰে ।

Comments